পৰজনমৰ শুভলগনত (Parajonomar Subhalaganat) Lyrics

পৰজনমৰ শুভলগনত
যদিহে আমাৰ হয় দেখা
পুৰাবানে প্রিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা ?
এই জনমৰ কুসুম মালা ।
যতনে তুমি গাঁঠি ৰাখিলা
কাহানিও তুমি নিপিন্ধিলা
শূণ্য মোৰ বুকু হ’ল যে উকা।
এই জীৱনৰ আঁউসী ৰাতি
চকুলো টুকি যায় যে কাটি
কাহানিও সুখৰ ৰূপহী জোনাই
হৃদয়ৰ জিলিকনি নিবিলায়।
এই জনমৰ গোপন কথা
গুপুতে থাকি দিয়ে যে ব্যাথা
কাহানিও তুমি নেদেখিলা
শোকৰে ছবিটি হিয়াতে অঁকা ।