ব’ল্‌ ব’ল্‌ বল্‌ কৃষক শক্তি দল (Bol Bol Bol Krishak Sakti Dol) Lyrics

ব’ল্‌ ব’ল্‌ বল্‌
কৃষক শক্তি দল ।
অ’ বনুৱা সমনীয়া
আগবাঢ়ি যাওঁ ব’ল।
জাগ্‌ জাগ্‌ জাগ্‌ জাগ্‌
মজদুৰ ন জোৱান ।
নির্যাতিত নিপীড়িত
কৃষক শক্তি
কৃষক শক্তিমান ।
তোৰ বাহুতে আছে লুকাই
অসীম শক্তি বল ।
ৰণৰ শিঙা বাজে শুন ঐ
আগবাঢ়ি যাওঁ ব’ল।
কিহৰনো ভয় আছে অভয়
বাণী দেৱতাৰ
শতৰু সউ চৌপাশে ৰয়
ধনী জমিদাৰ
সুঁহে কলিজাৰ ৰঙা তেজ
প্ৰজা দুখীয়াৰ ।
ধ্বংস কৰ্ ধ্বংস ক
দয়া মায়া নকৰিবি
ধনীৰ অহংকাৰ ।
ক্ষমাৰ দিন যে গ’ল
হাল, কোৰ, দা, হাতুৰি লৈ
ৰণলৈ যাওঁ ব’ল।।
তই খুৱাৰ বিশ্ববাসীক
মাটি ফালি ধান
তই যোগাৱ ধনী শ্রেণীক
অস্ত্র শক্তিমান
কাৰখানাকল তোৰেই সৃজন
পথাৰ সুবহল ।
নাঙল, কাঁচি, হাতুৰী, দাৰ
যাদুকৰী ফল।