বাটৰে শেষতে (Batore Hekhote) lyrics

বাটৰে শেষতে
বাট চাওঁ তোমালে
লৈ যোৱাহি
আজি তোমাৰ বাটেৰে

বাটৰে শেষতে
বাট চাওঁ তোমালে
লৈ যোৱাহি
আজি তোমাৰ বাটেৰে

তুমি আহিলে
নামে বুকুলে শাওণ
তুমি নহ’লে
উকা উকা মোৰ ফাগুণ

বাটৰে শেষতে
বাট চাওঁ তোমালে
লৈ যোৱাহি
আজি তোমাৰ বাটেৰে

আশে-পাশে বুকুৰে তুমি
ভেদিলা পৰিধি..
আৰু হ’লা হঠাতে
কি যে আপোন..

এতিয়া নিজৰ হিয়াতে
মই নিজেই আলহী
আজৰি হৈ খবৰ লবাচোন

তুমি আহিলে
নামে বুকুলে শাওণ
তুমি নহ’লে
উকা উকা মোৰ ফাণ্ডণ

বাটৰে শেষতে
বাট চাওঁ তোমালে
লৈ যোৱাহি
আজি তোমাৰ বাটেৰে

ভাঙি যোৱা প্ৰতিটো সপোন
আৰু মনৰে দাপোণ
আজি তোমাক পালে হয়
আকৌ নতুন

ৰৈ গ’লা তুমি এনেকৈ
বুকুতে যেনেকৈ
এটি চিনাকি নুপুৰৰ ৰুণজুন

তুমি আহিলে
নামে বুকুলে শাওণ
তুমি নহ’লে
উকা উকা উকা মোৰ ফাগুণ

বাটৰে শেষতে
বাট চাওঁ তোমালে
লৈ যোৱাহি
আজি তোমাৰ বাটেৰে