বিমূৰ্ত্ত মোৰ নিশাটি যেন
মৌনতাৰে সূতাৰে বোৱা
এখনি নীলা চাদৰ
তাৰেই এটি মিঠা ভাঁজত
নিশ্বাসৰে সুৰ আৰু
জীয়া জীয়া আদৰ
কামনাৰে তেজ ৰঙা
আজিৰ গভীৰ গৰ্ভতে
নিৰৱ মৰম বাবিষাৰ
বহুত সংঘাতৰ
তাৰেই এটি মিঠা ভাঁজত
নিশ্বাসৰে সুৰ আৰু
জীয়৷ জীয়া আদৰ ৷
সৰি পৰে প্ৰত্যাশিত
অশ্রু যেন প্রতিধ্বনি সাদৰী মাতৰ
তাইৰ সাদৰী মাতৰ
পৰিধিবিহীন সঙ্গমমুখী
নিৰ্ম্মল দুটি ওঁঠ
কম্পন কাতৰ।
নিয়ম ভঙাৰ নিয়ম ই যে
নিয়মাকাঙ্খী বাটৰ
কোমল আঘাত প্রতি আঘাত
নীলা নিশাৰ নাটৰ
দূৰৈৰ আৰ্ত্তনাদৰ নদী
ক্রন্দন কোনো ঘাটৰ
ভ্রূক্ষেপ নাই লভিছে৷ মই
আলিঙ্গনৰ সাদৰ ।
তাৰেই এটি মিঠা ভাঁজত
নিশ্বাসৰে সুৰ আৰু
জীয়া জীয়া আদৰ ।