বিশ্ববিজয়ী নৱজোৱান, বিশ্ববিজয়ী নৱজোৱান !
শক্তিশালী ভাৰতৰ
ওলাই আহা ওলাই আহা
সন্তান তুমি বিপ্লৱৰ।।
সমুখ সমৰ সমুখতে
মুক্তি যুঁজাৰু হুঁচিয়াৰ
মৃত্যু বিজয় কৰিব লাগিব
স্বাধীনতাৰ খুলি দুৱাৰ।
অগ্নিবৃষ্টি আহিব লাগিছে
গৰজিছে বজ্ৰপাত
শিলাবৃষ্টি ভূমিকম্প
হ’ব সহস্ৰ উল্কাপাত ।