বিশ্বৰ ছন্দে
ছন্দে মহানন্দে
বন্দে বন্দে
আনন্দে নাচা
নাচা তমোহৰ-দেউ !
আজি তব
নাচা !!
ভকত-বৃন্দে
তৰ চৰণ-কমল
জ্বলোৱা সাগ্নিক
বন্দে।
তপো-হোম-বহ্নি
বিনাশক এন্ধাৰ
তব জয়ী অগ্নি
বিশ্বৰে দেউলত
জ্ঞানৰে বন্তি
আলোকৰে শিখা উঠক নাচি
অজ্ঞান এন্ধাৰ বিনাশি
পুলকানন্দে।…….
নাচোনৰ তালে তালে পুষ্পিত বননি
ছেৱে ছেৱে হালে জালে বিকশিত ফুলনি আমোল-মোল কৰে শুৱনি ধৰণী
পুষ্পিত সুবাসিত গন্ধে।