বিস্তীৰ্ণ পাৰৰে (Bistrino Parore) lyrics

বিস্তীৰ্ণ পাৰৰে
অসংখ্য জনৰে
হাহাকাৰ শুনিও
নিঃশব্দে নিৰৱে বুঢ়া লুইত তুমি
বুঢ়া লুইত বোৱা কিয় ?

নৈতিকতাৰ স্খলন দেখিও
মানৱতাৰ পতন দেখিও
নির্লজ্জ অলস ভাৱে বোৱা কিয় ?

 

জ্ঞানবিহীন নিৰক্ষৰৰ
খাদ্যবিহীন নাগৰিকৰ
নেতৃবিহীনতাত নিৰৱ কিয় ?

 

সহস্ৰ বাৰিষাৰ
উন্মাদনাৰ
অভিজ্ঞতাৰে
পঙ্গু মানৱক
সবল সংগ্রামী
আৰু অগ্ৰগামী
কৰি নোতোলা কিয় ?

 

ব্যক্তি যদি ব্যক্তি কেন্দ্রিক
সমষ্টি যদি ব্যক্তিত্ব ৰহিত
তেনে শিথিল সমাজক নাভাঙা কিয় ?

 

তুমিয়ে যদি ব্ৰহ্মাৰে পুত্ৰ
সেই পিতৃত্ব তেনে নাম মাত্র
নহ’লে প্ৰেৰণা নিদিয়া কিয় ?

 

উন্মত্ত ধৰাৰে
কুৰুক্ষেত্ৰৰে
শৰ শয্যাকে
আলিঙ্গন কৰা
ভীষ্মৰূপী
অজস্ৰ বীৰক
জগাই নোতোলা কিয় ?

 

Amazon Product