বুকু হুম হুম কৰে মোৰ আই (Buku Hom Hom Kore) Lyrics

বুকু হুম হুম কৰে মোৰ আই
কোনে নিদ্ৰাহৰে মোৰ আই
পু্ত্ৰ হৈ মই কি মতে তৰো
আই তোৰে হৈ মই মৰো;
বুকু হুম হুম কৰে মোৰ আই
কোনে নিদ্ৰা হৰে মোৰ আই ।
পু্ত্ৰ হৈ মই কি মতে তৰো
আই তোৰে হৈ মই মৰো;
বুকু হুম হুম কৰে মোৰ আই ।

দেশৰে চন্দ্ৰমা কাল এন্ধাৰে আৱৰে
অগনি কালিকা দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে চৰে
বুকু হুম হুম কৰে মোৰ আই ।

বজ্ৰ সমদৃহ আই চৌপাশৰে গড়
চৌপাশৰে গড় ভেদি কিঞ্ছিতো নাই পথ ।

যাচিম সান্তনা আই মুক্তি প্ৰভাতেৰে
থাপিম থাপনা আই শোনিত পিয়াহেৰে
বুকু হুম হুম কৰে মোৰ আই
কোনে নিদ্ৰাহৰে মোৰ আই
পু্ত্ৰ হৈ মই কি মতে তৰো
আই তোৰে হৈ মই মৰো;
বুকু হুম হুম কৰে মোৰ আই ।