বৰ্ষাৰ ঋতু ভাল পাও মই
প্ৰতিশ্ৰুতি আছে তাত
সেউজী ৰহণ মাথোঁ সিয়ে সানে
শুকান গছৰ গাত
ধুমুহাই দিয়ে অজান পুলক
ভালপাও তাৰ গতি
মৰহা পাতৰ ঠাই নাই বুলি
উদ্যম আনে মাতি
নতুন প্ৰেৰণা দি থৈ যায়
ধুঁৱলি হলেহি বাট
সোণাৰুৰ ফুল ভালপাও মই
কৃষ্ণচূড়াৰ মন
গাজনি বিজুলী যিমানে আহে
সিমানে জিলিকে ৰঙ
কজলা আকাশৰ তলতে সিহঁতে
পাতে মোহনীয়া হাট
বৰ্ষাৰ ঋতু ভালপাও মই
প্রতিশ্রুতি আছে তাত।