ভাং ভাং ভাং ভাং
লোহাৰ শিকলি চিং
চিং চিং চিং চিং
দাসৰ বন্ধন চিং
খোল্ খোল্ খোল্ খোল্
কাৰাৰ ফাটক খোল্ ।
ভাঙ্ ভাঙ
শুন্ সৌৱা শুন্ শুন্
দুৱাৰৰ দাং
ঘেৰিছে ৰণ বিষাণ
মুক্ত আকাশে উৰে
দীপ্ত ৰঙা নিচান
ৰক্তেৰে ৰঞ্জিত
সুৰুয উদীয়মান
শুন মুকুতিৰ তুৰৰ আহ্বান,
হালোৱা – হজুৱা হেৰ মজুদুৰ – কিষাণ !
মুক্তিমান মুক্তিমান-মুক্তিমান।