মই এটি যাযাবৰ
ধৰাৰ দিহিঙে দিপাঙে লৱৰো
নিবিচাৰি নিজা ঘৰ ।
মই লুইতৰ পৰা মিছিচিপি হৈ ভল্গাৰ ৰূপ চালে৷
অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিচ সাৱটি ললোঁ
মই ইলোৰাৰ পৰা পুৰণি ৰহণ চিকাগোলে কঢ়িয়ালো
গালিবৰ শ্বেৰ দুশ্বম্বেৰ মীনাৰত শুনা পালো
মার্ক টোৱেনৰ সমাধিত বহি গৰ্কীৰ কথা কলো
বাৰে বাৰে দেখোঁ বাটৰ মানুহো আপোন হৈছে বৰ
সেয়ে মই যাযাবৰ ।
বহু যাযাবৰ লক্ষ্যবিহীন
মোৰ পিছে আছে পণ
ৰঙৰ খনি য’তেই দেখিছোঁ
ভগাই দিয়াৰ মন ।
মই দেখিছে৷ অনেক গগনচুম্বী অট্টালিকাৰ শাৰী
তাৰ ছাতেই দেখিছো কতনা গৃহহীন নৰ নাৰী
মই দেখিছো কিছু ঘৰৰ সমুখ বাগিচাৰে আছে ভৰি
আৰু দেখিছোঁ মৰহা ফুলৰ পাপৰি অকালতে পৰা সৰি
বহু দেশে দেশে গৃহদাহ দেখি চিন্তিত হওঁ বৰ
মনৰ মানুহ বহুতেই দেখোঁ ঘৰতে হৈছে পৰ
সেয়ে মই যাযাবৰ ।