মই নথকাৰ অনুভৱ (Moi Nothokar Anubhav) Lyrics

মই নথকাৰ অনুভৱ
যিদিনা হব তোমাৰ
সিদিনা অশ্ৰু নিগৰিবনে কোৱা

মই নথকাৰ অনুভৱ
যিদিনা হব তোমাৰ
সিদিনা অশ্ৰু নিগৰিবনে কোৱা

মোৰ কবিতাৰ চন্দ গানৰ সুৰ
বুজিবা তুমি সেইদিনা
যিদিনা মই নাথাকিম জানা
তোমাৰ প্ৰিয় গীত গাবলে
যিদিনা মই নাথাকিম জানা
তোমাৰ প্ৰিয় গীত গাবলে

মই নথকাৰ অনুভৱ
যিদিনা হব তোমাৰ
সিদিনা অশ্ৰু নিগৰিবনে কোৱা

যদি কেতিয়াবা পৰিলে মনত মোৰ
আবেলি নদীৰ পাৰত আকাশৰ তৰাৰ মাজত
আৰু বিচাৰি পাবা তোমাৰ বুকুৰ মাজত
প্ৰতিলিপি ডায়েৰীৰ পাতত
তোমাৰ ঊষাহৰ গহনত

মই নথকাৰ অনুভৱ
যিদিনা হব তোমাৰ
সিদিনা অশ্ৰু নিগৰিবনে কোৱা

আকৌ পোহৰ বেলি যদি
পশ্চিমত ডুবিব লয়
জোনৰ সাৰথি তৰা হয়
সেই লক্ষ কোটি তৰাক
সুধিলে তুমি
মোৰ বতৰা দিব তোমাৰ বিৱৰি
লক্ষ কোটি তৰাক সুধিলে তুমি
মোৰ বতৰা দিব তোমাৰ বিৱৰি

মই নথকাৰ অনুভৱ
যিদিনা হব তোমাৰ
সিদিনা অশ্ৰু নিগৰিবনে কোৱা