মই যি বাটেৰে ওলালো আজি
নাহো উলটি
মই ন পথেৰে জ্যোতিৰে পখী
ফুৰো বিচাৰি
এৰি অহা পথ এন্ধাৰে দেখোন
আৱৰি আছে
আশা ভৰা ৰথ বিপদে দেখোন
আগচি ৰাখে
মই ন সাহেৰে সাহসী আজি
নাহো উলটি
কিয় বাৰে বাৰে ভাগৰে আহি
আমনি কৰে
জ্যোতি পখীবোৰে আগলে দেখোন
বাউলী মাতে
মই ন আশাৰে ফুলনি সাজি
ফুৰো উমলি
মই যি বাটেৰে……..