মতলীয়া বতাহে (Motoliya Botahe) Lyrics

মতলীয়া বতাহে
উৰি আহি ক’লে যে
পাহাৰৰে চূড়াকে
মেঘে মেঘে
যাচে হিয়াৰে আদৰ ৷
জুৰিটিয়ে বেগেৰে
শিলে শিলে জপিয়াই
আবেগেৰে কৈ যায়
শুনা শুনা
প্ৰীতিৰ নাই ভাগৰ
আবেগৰ লাগি বতাহত
উৰে চৌদিশে
মই কিনো কৰো
তুমি নাই
মোৰে কাষতে
মই আছো গুপনে
তোমাৰে যে ভাৱতে
উমলিচু প্রতিপল
জাগা হৃদয় প্রেমৰণত

বৰণীয়া ফুলনি
আবাহনী দূৰণি
তালে তালে নাচে পখিলাই
মোৰো বুকু কপিচে
উলাহতে নাচিচে
কাষৰতে তুমি দি চেনাই
মই আছো তুমাৰে
দুচকুৰে কাহিতে
চাই লোৱা দুচকু

মতলীয়া বতাহে
উৰি আহি ক’লে যে
পাহাৰৰে চূড়াকে
মেঘে মেঘে
যাচে হিয়াৰে আদৰ ৷
জুৰিটিয়ে বেগেৰে
শিলে শিলে জপিয়াই
আবেগেৰে কৈ যায়
শুনা শুনা
প্ৰীতিৰ নাই ভাগৰ

ভাৱনাৰে ফুলনিত
নুচুৱাই আজুৰি
কুৱলিৰে মায়া আতঁৰাই
হৰিনি ৰুপকে লয়
চেনেহী প্ৰেয়হী হয়
দেখা দিয়া হিয়া শীতলাই
মই আছো তোমাতেই
আছিলো প্ৰতিমে
তোমাৰ মনত নিতে পোহৰাই।

মতলীয়া বতাহে
উৰি আহি ক’লে যে
পাহাৰৰে চূড়াকে
মেঘে মেঘে
যাচে হিয়াৰে আদৰ ৷
জুৰিটিয়ে বেগেৰে
শিলে শিলে জপিয়াই
আবেগেৰে কৈ যায়
শুনা শুনা
প্ৰীতিৰ নাই ভাগৰ।