মনৰ নিজানত জোনাক আছিলে (Monor Nijanot) Lyrics

মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাস সানিলৈ ।
হঠাতে শুকালে পোহৰৰ ফুলনি ।
নীলিমাৰ মাজতো নাথাকা যে তুমি
নাহিবা বেদনা হৈ বুকু ভৰাই ।
মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাস সানিলৈ ।
হঠাতে শুকালে পোহৰৰ ফুলনি ।
নীলিমাৰ মাজতো নাথাকা যে তুমি
নাহিবা বেদনা হৈ বুকু ভৰাই ।
হৃদয়ে আৱেগক নোৱাৰে সহিব
চকুলো বাগৰে নিৰৱে ।কিমান সাৱটিম নোপোৱাৰ সপোন
বুকুৰ উমেৰে সজোৱা ।
দুখৰ তৰাহৈ নাচাবা চকুলৈ মোৰ উৰে নিশা ।
মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাস সানিলৈ ।
জীৱন সুৰভী তোমাৰ মাজতে
আছিল অকলে নিৰৱে ।
সঁচা প্ৰেমৰো উশাহ আছিলে
অকলশৰীয়া বুকুতে ।
মৰুভূৰ মায়াহৈ নাহিবা বুকুলৈ মোৰ মিছাকৈয়ে ।
মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাস সানিলৈ ।
হঠাতে শুকালে পোহৰৰ ফুলনি ।
নীলিমাৰ মাজতো নাথাকা যে তুমি
নাহিবা বেদনা হৈ বুকু ভৰাই ।
মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাস সানিলৈ ।