মনৰ মৰম যদি (Monor Morome Jodi) Lyrics

মনৰ মৰম যদি হলহেঁতেন নদী
উটাই তোমাক নিলোহেঁতেন বাধাৰ দুকুল ভাঙি
ফুল যদি হ’লহেঁতেন মনৰ সপোনখিনি
সিঁচি সিঁচি দিলোঁহেতেন তোমাৰ পথত আনি
মনৰ মৰম যদি….

জীৱনৰে শেঁতা পাতত মৰম এধান ৰঙ্
দুদিনীয়া পলাশ ফুলা ফাগুনৰে বন
ভাষাৰে নোৱাৰি ক’ব নীৰৱ কথাখিনি
উটাই তোমাক নিলোহেঁতেন বাধাৰ দুকুল ভাঙি
মনৰ মৰম যদি……..