মানুহে মানুহৰ বাবে
যদিহে অকণো নাভাবে
অকণি সহানুভূতিৰে
ভাবিব কোনেনো কোৱা ? সমনীয়া ?
মানুহে মানুহক বেচিব খুজি
মানুহে মানুহক কিনিব খুজি
পুৰণি ইতিহাস দোহাৰিলে
ভুল জানে৷ নহ’ব কোৱাঁ, সমনীয়া ?
দুৰ্ব্বল মানুহে যদি
জীৱনৰ কোবাল নদী
পাৰ হয় তোমাৰে সাহত
তুমি হেৰুৱাবানো কি ?
মানুহ যদিহে নহয় মানুহ
দানৱ কাহানিও নহয় মানুহ ৷
যদি দানৱ কাহানিবা হয়েই মানুহ
লাজ পাব কোনেনো কোৱা ?