মুগ্ধ হিয়া মোৰ (Mugdha Hiya Mur) Lyrics

আউসীৰ জোন মোৰ সমুখতে
সেমেকা চকুলো দুগালতে
নিজানৰ ৰাতি মোৰ কেতিয়াকে
পুৱাব, খেলিব ৰদে সতে
তুমি আহিবা এদিনা ৰং দিবা দুচকুত
মৰমেৰে বুকু ওপচাই

মুগ্ধ হিয়া মোৰ কোনে চুই যাই
মুগ্ধ হিয়াত ৰৈ কোনে চুমি যাই
বুকুতে অগনি জ্বলাই
তেজ মঙহৰে মৰম নেওচি
জ্বলি জ্বলি ৰ’ল মাথো ছাই
বুকুতে যে জুই বিয়পাই
তেজ মঙহৰে পৃথিৱী নেওচি
জ্বলি জ্বলি ৰ’ল মাথো ছাই
তেজ মঙহৰে মৰম নেওচি
জ্বলি জ্বলি ৰ’ল মাথো ছাই

দিনে প্ৰতিদিনে মাথো মনে প্ৰাণে
আঁকিলো ৰামধেনু হিয়া জুৰাই

দিনে প্ৰতিদিনে মাথো মনে প্ৰাণে
আঁকিলো ৰামধেনু হিয়া জুৰাই

এটি এটি পল, আজি সোঁৱৰি
হহা কন্দা খেলা মোৰ ফাগুনী,
আঙুলিৰ মাজেৰে পৰি সৰি সৰি,
সুখৰে মুকুতা হৈ যে ধূলি
বুকুতে যে জুই বিয়পাই
তেজ মঙহৰে পৃথিবী নেওচি
জ্বলি জ্বলি ৰ’ল মাথো ছাই
তেজ মঙহৰে মৰম নেওচি
জ্বলি জ্বলি ৰ’ল মাথো ছাই.

গোপনে ফাগুনে মন উতলালে
তুমি অহাৰ আজি বাতৰি পাই…
গোপনে ফাগুনে মন উতলালে
তুমি অহাৰ আজি বাতৰি পাই…

ৰিণি ৰিণি ৰিণি শুনো ৰিণি ৰিণি
কঁপি কপি শুনো সেই ধ্বনি
আকাশ বাউলী, থমকি ধৰণী
চকুলোৰে কৰো দিন শুৱনি
বুকুতে যে জুই বিয়পাই
তেজ মঙহৰে পৃথিবী নেওচি
জ্বলি জ্বলি ৰ’ল মাথো ছাই
তেজ মঙহৰে মৰম নেওচি
জ্বলি জ্বলি ৰ’ল মাথো ছাই

মুগ্ধ হিয়া মোৰ কোনে চুই যাই
মুগ্ধ হিয়াত ৰৈ কোনে চুমি যাই
বুকুতে অগনি জ্বলাই
তেজ মঙহৰে মৰম নেওচি
জ্বলি জ্বলি ৰ’ল মাথো ছাই
বুকুতে যে জুই বিয়পাই
তেজ মঙহৰে পৃথিবী নেওচি
জ্বলি জ্বলি ৰ’ল মাথো ছাই
তেজ মঙহৰে মৰম নেওচি
জ্বলি জ্বলি ৰ’ল মাথো ছাই

তুমি চালেই জানা তুমি চুলেই জানা,
মেঘালী সপোনে বাগৰ সলাই
তুমি চালেই জানা তুমি চুলেই জানা,
মেঘালী সপোনে বাগৰ সলাই