মোৰে ভাৰতৰে
মোৰে সপোনৰে
চিৰ সুন্দৰ সংস্কৃতি ।
সেউজীয়া বনতে
সেউজীয়া মনতে
বিকশি প্রকাশি উঠা
নৱ-জনজীৱনৰে অভিনৱ জ্যোতি ।।
আজি শিল্পী মনৰ প্ৰণতি
আজি শিল্পী প্ৰাণৰ ভকতি
জয় অজেয় আলোকময় বিশ্বৰূপী
অনন্ত বিজয়ী
জন গণ মন মুকুতি
প্ৰণতি প্ৰণতি ৷৷