মোৰে মন বনতে (Mor Man Banate) Lyrics

মোৰে মন বনতে তই
কি বাঁহী বজালি
অ’ সুন্দৰ
সুন্দৰ সখা মোৰ চিৰ সুন্দৰ।।
নিশা চন্দ্ৰাৱলী
তাতে তৰাৰে দীপিকাৱলী পাতি দিলি
নিশাৰ এন্ধাৰ তই হাঁহিৰে উজলালি
আনি দিলি পুৱতিৰ অৰুণাৱলী
সুৰৰে কোঠালি মোৰ
ৰ’দালীৰে কৰি সোণোৱালী ।
অন্তৰ ভৰি মোৰ বিকশিলে কত শত
শুকুলা শেৱালি
পাহিৰে কোলাতে তুলি
তোৰ মৰম নিয়ৰৰে মুকুতাৱলী ।।

Amazon Product