মোৰ কথাই আমনি কৰেনে (Mor Kothai Amoni Korene) lyrics

মোৰ কথাই আমনি কৰেনে
তুমি যেতিয়া নিজানত বহা
মোৰ ছবিয়ে তোলা দিয়েনে
তুমি যেতিয়া মোৰ কথা ভাবা
স্মৃতিবোৰে যদি প্ৰশ্ন কৰে
পাৰিবানে উত্তৰ লিখিবলৈ
তুমি কিয় এনে কৰিলা
এৰা সুঁতি এৰা দি এৰিলা
মোৰ কথাই আমনি কৰেনে
তুমি যেতিয়া নিজানত বহা
মোৰ ছবিয়ে তোলা দিয়েনে
তুমি যেতিয়া মোৰ কথা ভাবা

যাবৰে সময়ত একোকে নক’লা
কিদৰে থাকিম নাভাবিলা
যাবৰে সময়ত উভতি নাচালা
কিদৰে পাহৰিম নুবুজিলা…
নপৰেনে মনতে আঁতৰি দূৰে দূৰে
চকুলো বাগৰে নে দুগালেৰে
মোলৈ মনত পৰিলে এ-এ-এই
তুমি নিজানত বহিলে
মোৰ কথাই আমনি কৰেনে
তুমি যেতিয়া নিজানত বহা
মোৰ ছবিয়ে তোলা দিয়েনে
তুমি যেতিয়া মোৰ কথা ভাবা

গোলাপৰে পুলি তুমিয়েটো ৰুলা
কুলিটি মেলোঁতেই চিঙি দিলা
সুখে দুখে থাকিম তুমি কথা দিলা
চিনাকি নহওতেই আঁতৰিলা
নপৰেনে মনতে আঁতৰি দূৰে দূৰে
চকুলো বাগৰেনে দুগালেৰে
মোলৈ মনত পৰিলে এ-এ-এই
তুমি নিজানত বহিলে…
মোৰ কথাই আমনি কৰেনে
তুমি যেতিয়া নিজানত বহা
মোৰ ছবিয়ে তোলা দিয়েনে
তুমি যেতিয়া মোৰ কথা ভাবা