মোৰ কবিতাৰ ছন্দ লাগি
স্পন্দন তোৰ জাগে নে ;
কথা মালিকাৰ গন্ধ লাগি
সোণৰ সপোন ভাগে নে ;
নাচে তৰা ছন্দে ছন্দে
বিশ্বভৰা মহানন্দে
সেই উলাহত হৰ্ষ লাগি
হিয়াত নাচোন উঠেনে ?
ৰন্ধ্ৰে ৰন্ধ্ৰে তুলি সুৰ
বাজে মন বাঁহী মোৰ
সেই সুৰতেই শাঁত কৰি ল’ই পৰিবনে হিয়া জুৰ ?
ছেৱে ছেৱে ফুলে ফুল
গন্ধতে আমোল মোল
সেই ছেৱতে পুলক জগাই
এবাৰ হিয়াই নাচে নে ?