মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম।
সাত ৰঙেৰে মীনা কৰাই
মৰমেৰে তৰিম।
কিন্কিনীয়া চকুৰলোৰে
হুমুনিয়াহ ভাপকণেৰে ৷
প্ৰণয় সূৰুয দেৱতাৰে
জিলিকনি সানিম।
মেদুৰ মেঘৰ মাদল কোৱাই
গগণ গগণা আলফুলে বাই।
বিজুলী নটীৰ নাচোনটি চাই
ডেও দি ডেও দি নাচিম।।
মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম।
সাত ৰঙেৰে মীনা কৰাই
মৰমেৰে তৰিম।
কিন্কিনীয়া চকুৰলোৰে
হুমুনিয়াহ ভাপকণেৰে ৷
প্ৰণয় সূৰুয দেৱতাৰে
জিলিকনি সানিম।
মেদুৰ মেঘৰ মাদল কোৱাই
গগণ গগণা আলফুলে বাই।
বিজুলী নটীৰ নাচোনটি চাই
ডেও দি ডেও দি নাচিম।।