মোৰ মন দুচকুত (Mur Mon | Roi Roi Binale) Lyrics

মোৰ মন দুচকুত অসহায় অকলশৰে
মোৰ স্পৰ্শ মোৰ আকাশ আছেই একেথৰে
মোৰ মন মোৰ বুকুত লিখে একেই আখৰে
মোৰ মন মোৰ ছবি আঁকে একেই সাঁথৰে
মোৰ মন দুচকুত অসহায় অকলশৰে
মোৰ স্পৰ্শ মোৰ আকাশ আঁকেই একেথৰে
মোৰ আঁউসীৰ জোনে আজি পোহৰ বিচাৰে
মোৰ স্বপ্নভৰা গানে ওঁঠেৰে নিগৰে
মোৰ ডেউকাৰ ক’লা ৰং শুভ্র হ’ব খোজে
মোৰ কাজলী ৰাতি বর্ণিল হ’ব খোজে
মোৰ মন দুচকুত অসহায় অকলশৰে
মোৰ স্পৰ্শৰ বলাকাত বিচাৰা নিজৰ দৰে
মোৰ মন হয় পাথৰ খুন্দি খুন্দি ভিতৰে
মোৰ তীব্র কোলাহল ৰচে একেই সাঁথৰে
মোৰ মন দুচকুত অসহায় অকলশৰে মোৰ স্পৰ্শৰ বলাকাত বিচাৰা নিজৰ দৰে
মোৰ মন দুচকুত অসহায় অকলশৰে মোৰ স্পৰ্শ মোৰ আকাশ আছেই একেথৰে