যদি জীৱনে কান্দে (Jodi Jibone Kande) Lyrics

যদি জীৱনে কান্দে নাই নাই বুলি
যদি দুখতে উৰে ধৰণীৰ ধূলি
নিৰাশাই আশাবোৰ ভাঙিব খুজিলে
মই গোৱা গীতবোৰ গাবা

এটি বগলী যদি অকলে অকলে
উৰি উৰি যোৱা দেখা সাগৰ ফালে
বিৰাটক সৰু ক্ষণে ভবাই তুলিলে
ম‍ই ৰচা গীতটি পঢ়িবা

বিচৰাটি তুমি যদি এবাৰো নোপোৱা
নিবিচৰাটিকে যদি বহুবাৰ পোৱা
বিচৰাটি ভাবি গুণি কান্দিব খুজিলে
ম‍ই হহাঁ হাঁহিটি হাঁহিবা

বহুতৰে বহু বুকু ভঙা ভঙা দেখো
সেয়েহে আশাৰে ভৰা গীতবোৰ লিখো

ভুলতেই যদি তুমি এন্ধাৰকে পোৱা
কাঁইটকে শেৱালিৰে পাহি বুলি লোৱা
তোমাৰ তেজেৰে বাট ৰঙা ৰঙা হ’লে
ম‍ই দিয়া সুৰেৰে মচিবা