যাউতিযুগীয়া ধনে মোৰ অ’ (Jautijugiya Dhone Mor O) Lyrics

যাউতিযুগীয়া ধনে মোৰ অ’
প্ৰাণতে দিলা মোৰ মৰম কুমলীয়া
মনত সোঁৱৰণি সুৱদীয়া
বুকুত ভালেপোৱা অ’ মোৰ প্ৰাণ
যাউতিযুগীয়া ধনে মোৰ অ’
যাউতিযুগীয়া ধন ৷
স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়া
কল্পনা পূৰাই দিলা মোক অ’
যাউতিযুগীয়া ধন ।
বুজা নুবুজাৰে, হাঁহি কান্দোনৰে
জীৱনৰ পাতিলা মেলা মোৰ অ’
যাউতিযুগীয়া ধন ।