যাবৰ বেলা নাহিলাতো তুমি
লিখিবলৈ মোৰ বিদায়ৰ গান,
মোৰ সুৰবোৰে কতনা বিনালে
তালবোৰে মোৰ ভাগৰি পৰিলে
চিতাৰ জুইত হ’ল দেখো থানবান
নাহিলাতো তুমি লিখিবলে’
মোৰ বিদায়ৰ গান !
তোমাৰ প্ৰাণক সুৰেৰে সজালো,
গানৰ কলিত তোমাকে দেখিলো
ঢালিলো তাতেই প্রাণ
নাহিলাতো তুমি গাবলে’-
মোৰ বিদায়ৰ গান ৷
মৃত্যুক সাৱটি আহিলো যেতিয়া
নাই ক্ষোভ মোৰ নাই অভিমান
আহো যদি মই পুনৰ ধৰালে’তেতিয়াও গাম তোমাৰেই গান
নাহিলাতো তুমি লিখিবলে’
মোৰ বিদায়ৰ গান ।।