যা যাগৈ (Ja Jagoi) Lyrics

যা যাগৈ জীৱনৰ যোৱা দিনবোৰ
যা আমনি নকৰিবি
যা যাগৈ পুৰণি গোৱা গীতবোৰ
যা অগনি নজ্বলাবি

মিঠা মিঠা কিবা সোঁৱৰণী
পাহৰা গীতৰে কথাখিনি
চিনাকি চিনাকি মুখ এখনি
সুঁৱৰিও দেখোন নাপাও চিনি
যা যাগৈ……….

এৰি অহা দুবৰি কিয় বাৰু গচকো
আশাৰে ৰঙা ৰং মেঘেৰে নাটাকো
নাই আৰু নাভাবো
মনতো নাৰাখো
নাই নাৰাখো

উকা নিশাৰে এই সময়খিনি
নেযায় নুপুৱায় কিযে বিঘিনি
পাহৰি এই সুৰ পুৰণি
সাৱটো নতুনৰে আঁচনি

যা যাগৈ জীৱনৰ যোৱা দিনবোৰ
যা আমনি নকৰিবি
যা যাগৈ পুৰণি গোৱা গীতবোৰ
যা অগনি নজ্বলাবি।