লগন উকলি গ’ল
তেওঁ যে নহ’ল কোৱা,
মনৰ কথাটি মোৰ
হিয়াত গুপুতে থোৱা
কিমান হেঙুলী উষা
কিমান জোনাকী নিশা
মিছাতেই গ’ল মোৰ
কিমান গধুলী পুৱা ৷
মলয়াই কাণে কাণে
মনৰ বাতৰি আনে
নিখিলৰ সুৰে সুৰে হিয়ায়ো গান জোৰে ।
শুনিছানে সেই সুৰ
পৰাণত তোলা মোৰ
হৃদয়ৰ গোৱা গান-
“ভালপোৱা ভালপোৱা”।