লুইতৰ আকাশত তৰাৰ তৰাৱলী (Luitor Akashot Torar Torawoli) Lyrics

লুইতৰ আকাশত তৰাৰ তৰাৱলী
পাৰত দীপাৱলী তেজেৰে মোৰ
আই নাকান্দিবি
থাপনাত তেজেৰে বন্তি দিলেহি
সন্তানে আজি তোৰ
লাচিতৰ দিনৰে জ্বলা জুয়েকুৰা
আই অ’ নুমুৱা নাই,
নতুন তেজেৰে শলিতা জ্বলিছে
উজলিছে ভমকাই।
চকুলো বোৱাই জুই নুনুমাবি
গুচকে তমসা ঘোৰ
লুইতৰ আকাশত তৰাৰ তৰাৱলী
পাৰত দীপাৱলী তেজেৰে মোৰ ৷

Amazon Product