লুইতৰ পাৰৰে আমি ডেকা ল’ৰা
মৰিবলৈ ভয় নাই
আই আই আই ।
মুকুতি মেধৰ মহান মেজিৰ
নেজাল ফিৰিঙতি চাই
পুৰোহিতো যদি থিতাতে আঁতৰি
ত্ৰাসতে মূর্ছা যায় ।
আমি আগে বাঢ়ি
ডিঙি পাতি পাতি
তেজেৰে বলিশাল
যামে বোলাই
তাহানি লাচিতে
এৰি থৈ যোৱাৰে
পৰা জননী তোৰ
লঘু লাঞ্ছনাৰে
দুখ বেজাৰৰে
আজিও নপৰিল ওৰ।
কোন কাপুৰুষ পুৰুষে সহিলে ও
আমাৰ যে নসহে গায় ।
আমি ডেকা ল’ৰাই জীৱন পণ কৰিছোঁ
মোহাৰ চকুলো
অসমী আই
কলিজাৰ আই ৷