শত যুগৰ কত চাকি (Xoto Jugor Koto Saki) Lyrics

শত যুগৰ কত চাকি
জ্বলাই আহিলি,
আপোনাৰ আনন্দতে নিজে হাঁহিলি,
নিজৰে তই চকুপানী নিজে মচিলি।
শিল্পী মোৰ মনৰে তই
শিল্পী মোৰ প্ৰাণৰে তই
শিল্পী মোৰ গানৰে
সুৰৰে
ছবিৰে
ৰূপৰে তই জুই জ্বলালি
নিত্য নতুন ছবিৰে
চিনাকি তোৰ যুগ যুগৰে
ৰবিৰে।
আজি দিনা
নেমানি মনা
সখী পতালি
বিপ্লৱী মোৰ কবিৰে ।
আজি জাগিল জন শতাব্দী
আহ অ’ যত আলোকবাদী
অপ্রমাদী
পোহৰৰে
জোনাকী বসন্ত জগাই,
জ্বলা, জ্বলা
শিল্পী অ’ মোৰ
জ্বলা ।

Amazon Product