শান্তি দিয়া, মুক্তি দিয়া
সোণৰ অসম ৰচিবলৈ
সেউজ দিয়া , শস্য দিয়া
চিৰকাল ফুলিবলে
গুলী বাৰুদ, ধোঁৱা উৰুৱাই
নিৰপৰাধ শিশু কন্দোৱাই
ঘৰে ঘৰে মৰম নচোৱাই
কিনো পাবা তুমি কিনো দিবা কোৱা
শান্তি দিয়া ………..
সচাঁ হোৱাৰ পথ চিৰ নতুন
সঁচা হোৱাৰ মন চিৰ তৰুন
মৰমেৰে পথাৰ বৰ বিশাল
সজাগ হোৱাৰ মন চিৰ নতুন
সজাগ হোৱাৰ মন চিৰ তৰুন
চিন্তাৰ মাজেৰেই আহে জোৱাৰ
গুলী বাৰুদ…..
শান্তি দিয়া …..
কথা কোৱাৰ অধিকাৰ আমাৰ
নিজক চোৱাৰ অধিকাৰ আমাৰ
তেজৰ নৈ বোৱাই কিনো লম
নতুন গঢ়াৰ অধিকাৰ আমাৰ
আনক চোৱাৰ অধিকাৰ আমাৰ
চকু থাকিও কিয় কৰা ভূল
গুলী বাৰুদ…..
শান্তি দিয়া …. ||