শীতৰে সেমেকা ৰাতি (Sitore Semeka Rati) Lyrics

শীতৰে সেমেকা ৰাতি
সেমেকা শীতৰে ৰাতি
বস্ত্রবিহীন কোনো খেতিয়কৰ
ভাগি পৰা পঁজাটিৰ
তুঁহ জুই একুৰাৰ
উমি উমি জ্বলি থকা
ৰক্তিম যেন এটি উত্তাপ হওঁ ।

শীতৰে সেমেকা ৰাতি
খাদ্যবিহীন কোনো দীন মজুৰৰ
প্রাণতে লুকাই থকা
ক্ষুধা অগনিৰ
হঠাতে ভমকি উঠা
প্রচণ্ড যেন এটি প্রতাপ হওঁ
প্রতাপ হওঁ মই প্রতাপ হওঁ ।

শীতৰে সেমেকা ৰাতি
সংখ্যালঘু কোনো সম্প্ৰদায়ৰ
ভয়াৰ্ত্ত মনটিৰ
নুফুটা আৰ্ত্তনাদ
নিজেই প্ৰকাশ কৰি
মিঠা যেন এটি নিৰাপত্তা হওঁ
নিৰাপত্তা হওঁ নিৰাপত্তা হওঁ ।

শীতৰে সেমেকা ৰাতি
কণ্ঠৰুদ্ধ কোনো সুগায়কৰ
প্ৰভাত আনিব পৰা
অথচ নোগোৱা
এটি অমৰ গীতৰ বাবে মই যেন এটি সুধাকণ্ঠ হওঁ
সুধাকণ্ঠ হওঁ, সুধাকণ্ঠ হওঁ ।

শীতৰে সেমেকা ৰাতি
সেমেকা সেমেকা ৰাতি
বস্ত্রবিহীন কোনো খেতিয়কৰ
ভাগি পৰা পঁজাটিৰ
তুঁহ জুই একুৰাৰ
উমি উমি জ্বলি থকা
ৰক্তিম যেন এটি উত্তাপ হওঁ

প্রচণ্ড যেন এটি প্রতাপ হওঁ
মই যেন এটি নিৰাপত্তা হওঁ

Amazon Product