সপোন ৰঙৰ জীৱন তুমি (Hopun Rongor Jibon Tumi) lyrics

সপোন ৰঙৰ জীৱন তুমি
আকৌ এবাৰ আহিবানে

সপোন ৰঙৰ জীৱন তুমি
আকৌ এবাৰ আহিবানে

নিশা মোক জগাবলে
বহু যুগৰ তৃষা তুমি
বহু যুগৰ তৃষা তুমি
নাহা কিয় ঘনে ঘনে

সপোন ৰঙৰ জীৱন তুমি
আকৌ এবাৰ আহিবানে

দিনে দিনে গলি আছো
জ্বলি থকা মমৰ দৰে
জীৱনৰ হেপাহত

উজাগৰে থাকে মনে
পাৰ ভঙা দুখৰ সোতে
কন্দুৱাই নিতে মোক
দুখৰ দিনৰ স্মৃতি মধু
দুখৰ দিনৰ স্মৃতি মধু
বুকুত ৰোৱা সুখৰ বাখৰ

সপোন ৰঙৰ জীৱন তুমি
আকৌ এবাৰ আহিবানে

নিশা মোক জগাবলে

নৈয়ে নৈয়ে উপঙিছো
উটি অহা জাঁজীৰ দৰে
সাগৰ কত সমুখত

উৰু উৰু মোৰো যে মন
আকাশ টিলে উৰিবলে
আকাশ শেষ হব কত
দুখৰ দিনৰ সপোন গধূৰ
দুখৰ দিনৰ সপোন গধূৰ
বুকুত বোৱা নিমাত চাদৰ

সপোন ৰঙৰ জীৱন তুমি
আকৌ এবাৰ আহিবানে

নিশা মোক জগাবলে
বহু যুগৰ তৃষা তুমি
বহু যুগৰ তৃষা তুমি
নাহা কিয় ঘনে ঘনে