সময় গতিশীল
নতুন সিও হয় যে অতীত পুৰণি ওচৰ হয় গতিতে সুদূৰ দূৰণি
সময় তোকে ৰাখিম মই যে
ভৰাই মোৰ কৰণি
ৰচিম মই সময় পাততে মিচা লা
সাহসৰ ন-কাহিনী
অতীত যায় বাটেৰে তিয়াই দূবৰি
নতুন সিও আহে যে তাকেই গছকি
ৰাখিম ধৰি মোৰ সুৰেৰে
নতুন আৰু পুৰণি
সাজিম মই এই দুয়োৰে
নতুন সুৰ বাহিনী
নতুন সিও হয় যে অতীত পুৰণি
সময় গতিশীল।