সাগৰ সঙ্গমত (Sagar Sangamat) Lyrics

সাগৰ সঙ্গমত
কতনা সাঁতুৰিলে।
তথাপিতো হোৱা নাই ক্লান্ত
তথাপি মনৰ মোৰ প্রশান্ত সাগৰৰ উৰ্ম্মিমালা অশান্ত ।
মনৰ প্ৰশান্ত
সাগৰৰ বক্ষত
জোৱাৰৰ নাই আজি অন্ত
অজস্ৰ লহৰে নৱ নৱ গতিৰে আনি দিয়ে আশা অফুৰন্ত
সেয়েহে মনৰ মোৰ প্রশান্ত সাগৰৰ উৰ্ম্মিমালা অশান্ত ।

প্ৰশান্ত পাৰৰে
মহা মহা জীৱনৰ
শান্তি আজি আক্রান্ত
নৱ নৱ সৃষ্টিৰে দৈত্য দানৱে কৰে নিষ্ঠুৰাঘাত অবিশ্রান্ত
সেয়েহে মনৰ মোৰ প্রশান্ত সাগৰৰ উৰ্ম্মিমালা অশান্ত ।

ধ্বংসৰ আঘাতক
দিছে আজি সংঘাত
সৃষ্টিৰ সেনানী অনন্ত
সংঘাতে আনে মোৰ প্ৰশান্ত সাগৰত প্ৰগতিৰ নতুন দিগন্ত
সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উর্মিমালা অশান্ত ।

গভীৰ প্ৰশান্ত
সাগৰৰ শক্তিয়ে
ধ্বংসক কৰে দিগভ্রান্ত
অগণন মানৱৰ শান্তিৰ সমদল সৃষ্টিকামী জীৱন্ত
সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উর্মিমালা অশান্ত ।

Amazon Product