সাজু হ’, সাজু হ’, নৱজোৱান ।
সাজু হ’, সাজু হ’, নৱজোৱান।
তই কৰিব লাগিব অগ্নিস্নান ।
জীৱন যৌৱন
কৰি প্ৰাণপণ
ৰাঙলী কৰি দে ৰণাংগন
জয় শংখ বজা
পৃথিৱী কঁপাই
অত্যাচাৰকো কৰি বৰণ
স্বাধীনতা ধন
নতু মৰণ
লোহাৰে শিলেৰে
বান্ধি ল’ মন ৷
বজ্রকণ্ঠে বিশ্বক শুনা
সত্যৰ জয়গান
বুকুৰ তেজেৰে ধুই দে আজি
ভাৰতৰ অপমান
সাজু হ’, সাজু হ’, নৱজোৱান ৷