সাৰ পাম ম‍ই পুৱতি নিশাতে (Xar Pam Moi Puwati Nisate) Lyrics

সাৰ পাম মই পুৱতি নিশাতে
নিয়ৰ যেতিয়া সৰে
বাটৰ শুকান ধূলিক সেমেকা
যিটো প্ৰহৰে কৰে
আই মোক জগাবি, আই মোক জগাবি
আই মোক জগাৰিব

ম‍ই চাব খোজো হেঙুলী বেলিয়ে
এন্ধাৰ কেনেকৈ নাশে
ফুলাৰ মন্ত্ৰ কেনেকৈ সিঁচে
কুসুমৰ কাষে কাষে
উদং বতাহৰ বুকু কেনেকৈ
মিঠা সুবাসে ভৰে
সাৰ পাম মই পুৱতি নিশাতে
নিয়ৰ যেতিয়া সৰে

জানিব খুজিছোঁ গোপন মন্ত্ৰ
সৃষ্টিত থকা আই
জানিব খুজিছোঁ কি গীত গালে
শূন্য আতৰি যায়
মোৰ পণ আছে ফুলি উঠিবৰ
সূর্যমুখীৰ দৰে
সাৰ পাম মই পুৱতি নিশাতে
নিয়ৰ যেতিয়া সৰে।