সুৰাত মগন ভয়াল ৰাতি
মৌন কোলাহল
মই যেন এক ৰ’দৰ বিলাপ
কী শব্দৰ শতদল !
চন্দ্ৰ তৰাক থাপ মাৰি আনি
থেকেচি পেলাবৰ হ’ল
সূর্যমুখীয়ে সজাব কাহানি
বেথাৰ সমাধি তল ।
নিয়ম পিয়াসী সন্তানবোৰে
নিয়ম নমনা হ’ল
মাতৃৰ চকু ঘন কুঁৱলীৰে
গহ্বৰ হৈ গ’ল ।
শগুণে সদায় সভাকে পাতে
ভাষণ পৰি ৰ’ল
দিনবোৰ আমাৰ মৃত হৰিণৰ
বেকা শিং যেন হ’ল ।