সুৰাত মগন ভয়াল ৰাতি
মৌন কোলাহল
মই যেন এক ৰ’দৰ বিলাপ
শব্দৰ সমদল
চন্দ্ৰতৰাক থাপ মাৰি আনি
থেকেচি পেলাবৰ হ’ল
সূর্যমুখীয়ে সজাব কাহানি
ব্যথাৰ সমাধিতল
সুৰাত মগন……
নিয়ম পিয়াসী সন্তানবোৰে
নিয়ম নমনা হ’ল
মাতৃৰ চকুত ঘন কুঁৱলিৰ
গহ্বৰ হৈ ৰ’ল
শগুণে সদায় সভাকে পাতে
ভাষণ পৰি ৰ’ল
দিনবোৰ আমাৰ মৃত হৰিণৰ
দিনবোৰ আমাৰ মৃত হৰিণৰ
বেঁকা শিঙ যেন হ’ল
মই যেন এক…..