(1)
“সুৰৰে দেউলৰে
ৰূপৰে শিকলি
ভাঙি দিলি খুলি
দূৱাৰ সোণোৱালী,
পূজাৰী অ’
সুন্দৰ পূজাৰী। ”
(2)
“জাউতী যুগীয়া
বৰগীত অমিয়া
বনগীত সুৰীয়া
গোৱা অসমীয়া
প্ৰাণ মন ভৰি !
পূজাৰী অ’
সুন্দৰ পূজাৰী। ”
(3)
“তোৰে পৰশতে
প্ৰাণৰে হৰিষে
তিয়াগি সুপুতি
পায় ঐ মুকুতি
ৰাগৰে মূৰতি
উঠি ভাহি ফুৰে উৰি
পূজাৰী অ’
সুন্দৰ পূজাৰী। ”
(8)
“থাপনা থাপিলি
প্রতিমা বহালি
পূজাও কৰিলি
সুৰৰে মূৰতি গঢ়ি
পূজাৰী অ’
সুন্দৰ পূজাৰী।”
(5)
“শঙ্খ বজোৱা
বৰকাঁহ বজোৱা
আৰতি লগোৱা
বন্তি জ্বলোৱা
অতি উলাহেৰে
আদৰি।
পূজাৰী অ’
সুন্দৰ পূজাৰী !”