সেউজীয়া সেউজীয়া
লানিকৈ ৰুলে ঐ গছৰ শাৰী
সেউজী গছতে সোণৰ গুটি ।
সেউজী গছতে সোণৰ গুটি লাগে
হীৰা ফুলে মাৰে পোহৰ ছাটি
সেউজী গছতে সোণৰ গুটি ।
ভাটি দেশৰে কুলি ছোৱালী অ’
টুকুৰীত ভাবি কোমল পাতে
ভাগৰি জিৰাবি শিৰীষৰ ছাঁতে
আঙুলি বোলাবি পাতে পাতে ।
খৰকৈ বোলাবি অ’ তই
লাখো লাখ টকাৰে মোকে নাটে
আঙুলি বোলাবি পাতে পাতে।
চাহৰে বাগিচা নহয় মোৰ দেউতা
ৰূপৰে বাগিচা আছে ফুলি
সেউজী গছতে সোণৰ গুটি ।