হাহিলে তুমি মুকুতা মণি সৰে (Hahile Tumi Mukuta Moni Sore) Lyrics

হাহিলে তুমি মুকুতা মণি সৰে
দুচকু ভৰিলেও মন নভৰে
বেদনাৰ জ্বলা জুই কেতিয়া নুমাবা
মৰমৰ বৰষাৰে অনামিকা
কলিজা ৰঙা কৰি উজলি আছা

বহুদিনৰে পৰা নিশা জাগি
সাচিছো যে তোমালৈ মন মাধুৰী
উথলি উঠা মৰমে
গোপনে হিয়া আৱৰে
বেদনাৰ আকাশ ভাঙি
মন কিয় যে নভৰে
কোৱা না অনামিকা
কলিজা ৰঙা কৰি উজলি আছা

সোণ সৰা সপোনৰ পাৰ ভাঙি
অসীমলৈ আনিলা তুমি আহি
কত যে দুখৰ ধুমুহা পাৰ হৈ আহি আহি
সেউজীয়া এটি ছবি মনৰ কাষতে আকি
ৰৈ আছো অনামিকা
কলিজা ৰঙা কৰি উজলি আছা