দোলা, হে দোলা, হে দোলা, হে দোলা
একা বেঁকা বাটেৰে কঢ়িয়াওঁ কঢ়িয়াওঁ
বৰ বৰ মানুহৰ দোলা ।
হে দোলা
আপোন কৰিলে৷ বনুৱাৰ জীৱনক
দেহা ভাগৰাই তোলা,
হে তোলা ৷৷
হেইয়া না, হেইয়া না, হেইয়া না, হেইয়া
দোলাৰ ভিতৰত তিৰ বিৰ কৰিছে
চহকী পাটৰে পাগ
ঘনে ঘনে দেখিছোঁ
লৰচৰ কৰিছে
শুকুলা চোঁৱৰৰ আগ
মোৰহে ল’ৰাটিক
এইবাৰ বিহুতে
নিদিলে সূতাৰে চোলা ।
চকুলো ওলালেও মনটি নেভাঙো
কঢ়িয়াই লৈ যাওঁ দোলা ?
যুগে যুগে জাপি দিয়ে মেটমৰা বোজাটি
কান্ধ ভাঙো ভাঙো কৰে, হে কৰে
বৰ বৰ মানুহে দোলাত টোপনিয়ায়
আমাৰহে ঘামবোৰ সৰে অ’ সৰে ।
ওখকৈ পাহাৰৰ টিঙটি উঠিছে
ভালকৈ খোজটি মিলা
আমাৰ কান্ধৰ পৰা পিচলিব লাগিলে
বাগৰি পৰিব দোলা
ৰজা মহাৰজাৰ দোলা
বৰ বৰ মানুহৰ দোলা ।