ৰং দিয়া মৰম (Rong Diya Morom) Lyrics

ৰং দিয়া মৰম ৰং ভালপোৱা সজাওঁ ৰামধেনু
ৰং জীৱনৰে সুখ-দুখৰে সজাওঁ ৰামধেনু
এবুকু মৰমৰ বাহিৰে মোৰ বুলিবলে আছে কিনো
মিঠা মিঠা সপোনে দিঠকক স্মৰাব জানো ?

খোজ দিয়া … খোজে খোজে ৰওঁ ছায়া হৈ
বাটৰে লগ ল’লোঁ থাকিম শেষলৈ
সৰু ঘৰখনি হ’ব শুৱনি
তোমাৰে মোৰে মিলনৰে
ওঁঠৰে পাহিত এধানি হাঁহিৰ
নোহোৱা হ’ব যে বেদনা যে

লোৱা সাৱটি মোক বুকুতে …
নেলাগে নিলিখোঁ কাহিনী
আধা মই আধা তুমি
প্ৰণয়ৰে এখিলা পাততে
আছোঁতো দুয়ো আমি ।

জিলিকিছে এই জানা তিৰবিৰ তিৰবিৰ পোহৰ জীৱনৰ
তৰা হেঁপাহৰ জোন তুমি সোণ জোনাক জোন জোনাক জোন জোনাক জোন …

অ’ দুনয়নৰে এটোপাল পানী
উটি যাব যেন হেঁপাহ মোৰ
সাতো ৰঙেৰে তিৰবিৰ ৰঙে
ৰঙাব খোজোঁ হিয়া তোমাৰ
লোৱা দুবাহুৰে তোমাৰ আধাত
আঁজলী আঁজলী মোৰ আৱেগৰ
অময়া অময়া মোৰ মৰম
জিলমিলীয়া যৌৱনতো
তোমাকে ৰাখোঁ ।।