ৰৈ ৰৈ বিনালে (Roi Roi Binale) lyrics

ৰৈ ৰৈ বিনালে

নিশায়ে বিনালে

ৰাতিপুৱাবলে কিমান পৰ

ডাৱৰে ডাৱৰে

এন্ধাৰে সিপাৰে

জেউতি লুকালে অসীমত

নভবা কথাও হঠাতে হয় চাগে

পায়ো হেৰুৱালো

বুজি পোৱাৰ আগতে

ৰৈ ৰৈ বিনালে

নিশায়ে বিনালে

ৰাতিপুৱাব কেতিয়া

ডাৱৰে ডাৱৰে

এন্ধাৰে সিপাৰে

জেউতিও নাইকিয়া

ৰৈ ৰৈ বিনালে

নিশায়ে বিনালে

ৰাতিপুৱাবলে কিমান পৰ

জানো বুজো তথাপিও নোৱাৰো

নিজৰ মাজত তোমাকেই সামৰো

জানো বুজো তথাপিও নোৱাৰো

নিজৰ মাজত তোমাকেই সামৰো

সপোনৰ ৰথ আজি হতবাক স্তব্ধ

জীৱনৰ পথ আজি মলিন বিবর্ণ

জীৱনৰ যাত্ৰা তোমাতেই বিলীন

ৰৈ ৰৈ বিনালে

নিশায়ে বিনালে

ৰাতিপুৱাবলে কিমান পৰ

ডাৱৰে ডাৱৰে

এন্ধাৰে সিপাৰে

জেউতি লুকালে অসীমত

তোমাতেই বিলীন…!!

ৰৈ ৰৈ বিনালে

নিশায়ে বিনালে

ৰাতিপুৱাবলে কিমান পৰ

ডাৱৰে ডাৱৰে

এন্ধাৰে সিপাৰে

জেউতি লুকালে অসীমত

নভবা কথাও হঠাতে হয় চাগে

পায়ো হেৰুৱালো

বুজি পোৱাৰ আগতে

ৰৈ ৰৈ বিনালে

নিশায়ে বিনালে

ৰাতিপুৱাব কেতিয়া

ডাৱৰে ডাৱৰে

এন্ধাৰে সিপাৰে

জেউতিও নাইকিয়া

ৰৈ ৰৈ বিনালে

নিশায়ে বিনালে

ৰাতিপুৱাবলে কিমান পৰ

মায়া মাথোঁ এতিয়াৰ যৌৱন

পল অনুপল হেৰুৱাইছো ক্ষণ

মায়া মাথোঁ এতিয়াৰ যৌৱন

পল অনুপল হেৰুৱাইছো ক্ষণ

অহোৰাত্রি অনাবিল স্বপ্ন প্রতাৰিত

বাস্তৱ মোৰ কাষত ক্ৰন্দন বৰষিত

আগত সূৰুযৰ দিবাস্বপ্ন

দিবাস্বপ্ন….!!

ৰৈ ৰৈ বিনালে

নিশায়ে বিনালে

ৰাতিপুৱাবলে কিমান পৰ

ডাৱৰে ডাৱৰে

এন্ধাৰে সিপাৰে

জেউতি লুকালে অসীমত

নভবা কথাও হঠাতে হয় চাগে

পায়ো হেৰুৱালো

বুজি পোৱাৰ আগতে

ৰৈ ৰৈ বিনালে

নিশায়ে বিনালে

ৰাতিপুৱাব কেতিয়া

ৰৈ ৰৈ বিনালে

নিশায়ে বিনালে

ৰাতিপুৱাবলে কিমান পৰ

ডাৱৰে ডাৱৰে

এন্ধাৰে সিপাৰে

জেউতিও নাইকিয়া

ৰৈ ৰৈ বিনালে

নিশায়ে বিনালে

ৰাতিপুৱাবলে কিমান পৰ

ৰৈ ৰৈ বিনালে

নিশায়ে বিনালে

ৰাতিপুৱাবলে কিমান পৰ