মোৰে জীৱনৰে সখা কৃষ্ণ (More Jibonore Sakha Krishna) Lyrics

মোৰে জীৱনৰে সখা কৃষ্ণ বজাৱ কি সুৰে বেণু কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু। পুৱতি নিয়ৰে সানে চৰণতে শুকুলা মুকুতা ৰেণু শ্যামল গাতে কোনে চন্দন পিন্ধালে অ’ তোৰ ফুল কুমলীয়া তনু বজাৱ সোণৰে বেণু কৃষ্ণ তই বজাৱ সোণৰে বেণু ।। সুৰৰে জিঞ্জিৰি পিন্ধালি মোক সুৰৰে জিঞ্জিৰি।।

মোৰ বাৰীত ফুলিলে (Mor Barit Fulile) Lyrics

মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিত মালতী তোৰ বাৰীত পৰিলে ছাঁ, তোৰে মনৰ কথা উটুৱাই আনিলে সন্ধিয়াৰ বাউলী বা। বাউলী বাৰে আউলী চুলি কাৰ কথা কৈয়ে মাত কূ-উ বুলি ? ৰূপহ কলীয়া কুলী ।

মোৰে মন বনতে (Mor Man Banate) Lyrics

মোৰে মন বনতে তই কি বাঁহী বজালি অ’ সুন্দৰ সুন্দৰ সখা মোৰ চিৰ সুন্দৰ।। নিশা চন্দ্ৰাৱলী তাতে তৰাৰে দীপিকাৱলী পাতি দিলি নিশাৰ এন্ধাৰ তই হাঁহিৰে উজলালি আনি দিলি পুৱতিৰ অৰুণাৱলী সুৰৰে কোঠালি মোৰ ৰ’দালীৰে কৰি সোণোৱালী । অন্তৰ ভৰি মোৰ বিকশিলে কত শত শুকুলা শেৱালি পাহিৰে কোলাতে তুলি তোৰ মৰম নিয়ৰৰে মুকুতাৱলী ।।

মোৰ গানত জ্বলে (Mor Ganot Jole) Lyrics

মোৰ গানত জ্বলে শত যুগৰ কত অভিমান মোৰ গানে বিচাৰে চিৰ দুখীয়াৰ চিৰ পৰিত্ৰাণ ৷ মোৰ গানত গুমৰি ভূঁইকঁপ কৰে পৃথিৱীৰ নিৰ্বাণ মোৰ গানৰ জুয়ে জগত পুৰিব দুষ্কৃত সাৱধান । মোৰ অস্থিৰে মই ৰচিছোঁ বজ্ৰগান ৷ প্ৰালয়িকী মোৰ জাগিছে ছন্দ কৃতান্ত মূর্তিমান গানেৰে মই বিশ্বজীৱন কৰি আছোঁ আহ্বান ।

বিশ্ববিজয়ী নৱজোৱান (Biswa Bijoee Nojowan) Lyrics

বিশ্ববিজয়ী নৱজোৱান, বিশ্ববিজয়ী নৱজোৱান ! শক্তিশালী ভাৰতৰ ওলাই আহা ওলাই আহা সন্তান তুমি বিপ্লৱৰ।। সমুখ সমৰ সমুখতে মুক্তি যুঁজাৰু হুঁচিয়াৰ মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলি দুৱাৰ। অগ্নিবৃষ্টি আহিব লাগিছে গৰজিছে বজ্ৰপাত শিলাবৃষ্টি ভূমিকম্প হ’ব সহস্ৰ উল্কাপাত ।

বনৰীয়া আমি বনৰ চৰাই (Banariya ami Banar Sorai) Lyrics

বনৰীয়া আমি বনৰ চৰাই বনে বনে ফুৰোঁ অনাই বনাই অনাই বনাই আমি অনাই বনাই আমি অনাই বনাই অ’ অনাই বনাই। উ-উ-উ-উ-উ-উ, উ-উ-উ। ভৈয়ামৰে মইনা তই পোহনীয়া পখী বনৰীয়া মইনাৰে পতালিহি সখী ঘৰৰ কথা আমি বনত পাতি বনৰ কথা আমি ঘৰত পাতি পৰ্বতৰে বননিত ফুৰিম বগাই অনাই বনাই অ’ অনাই বনাই ।

গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে (Gaor Lora) Lyrics

(মই) গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ ম‍ই গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ । গাঁৱলীয়া ছোৱালী শেৱালি মই নেৱালি গাঁৱৰ কোলাত হাঁহি মাতি সোণ ধানৰে জেউতী চৰাম ।। গাঁৱৰ ল’ৰা আগবাঢ়ি যাওঁ হাবি কাটি আগবাঢ়ি যাওঁ পর্বত ভাঙি আগবাঢ়ি গৈ বাট উলিয়াম নিতৌ নতুন পাম । জুই সুৰীয়া জয় সুৰীয়া নতুন নাম […]

নূপুৰে মাতে ৰুণ্‌ জুন্‌ (Nupure Mate Runjun) Lyrics

নূপুৰে মাতে ৰুণ্‌ জুন্‌ নূপুৰে মাতে ৰুণ্‌ জুন্‌ নূপুৰে মাতে ৷ সখী যাবৰ বেলি আমাৰ হিয়াখনি বিষাদে ছাটে।। চলে চলি চকুতে সখী চকুপানী নাটে।। যোৱা সখী দিছোঁ বিদায় মনতে ৰাখিবা সদায় এৰানো কি স’তে সখী এৰানো কি স’তে।

তোৰে মোৰে আলোকৰে যাত্ৰা (Tore More Alokore Jatra) Lyrics

তোৰে মোৰে আলোকৰে যাত্ৰা অব্যর্থ অব্যর্থ আমি পালো জীৱনৰ অৰ্থ অভিনৱ স্বাগত স্বাগত সতীৰ্থ! সেউজীয়া জীৱনলে’ জাগৃতি ছন্দ আহে আহে জনতাৰ অন্তৰে অন্তৰে আলোক বসন্ত হাঁহে হাঁহে প্ৰচাৰিত আলোকবাণী আগবাঢ়ে যুগাগ্ৰগামী তৰুণ সেনানী আজি সমৃদ্ধ বেগে জাগে জাগে বিপ্লৱী প্ৰাণ মুখৰিত দিশে দিশে অগনি গান ।

জোনাকী কাৰেঙত কোনে বীণ বায়? (Jonaki Karengot Kune Bin Bai) Lyrics

জোনাকী কাৰেঙত কোনে বীণ বায়? জোনাকী কাৰেঙত কোনে বীণ বায়? পোহৰে পোহৰে হাঁহি বিলায় ! আমাৰে নিমাতীৰ কোনে মাত ফুটাব ওঁঠতে হাঁহিটি দিব ফুলাই। আমাৰ নিমাতীজনী নীল সাগৰৰ হীৰা মণি অৰুণৰ হাঁহিৰে মুখনি বোলোৱা আলাসৰ প্ৰতিমাখনি । হাঁহো হাঁহোকৈ চকু দুপাহিয়ে হুঁহা নাই অতদিনে মাতো মাতোকৈ ওঁঠ দুখনিয়ে অমাতেৰে মন জিনে। ধিয়ানে-গিয়ানে সচিতে সপোনে কাকনো […]