সেউজীয়া সেউজীয়া (Seujiya Seujiya) Lyrics
সেউজীয়া সেউজীয়া লানিকৈ ৰুলে ঐ গছৰ শাৰী সেউজী গছতে সোণৰ গুটি । সেউজী গছতে সোণৰ গুটি লাগে হীৰা ফুলে মাৰে পোহৰ ছাটি সেউজী গছতে সোণৰ গুটি । ভাটি দেশৰে কুলি ছোৱালী অ’ টুকুৰীত ভাবি কোমল পাতে ভাগৰি জিৰাবি শিৰীষৰ ছাঁতে আঙুলি বোলাবি পাতে পাতে । খৰকৈ বোলাবি অ’ তই লাখো লাখ টকাৰে মোকে নাটে আঙুলি […]
সেউজী সেউজী সেউজী অ’ (Seuji Seuji Seuji O) Lyrics
সেউজী সেউজী সেউজী অ’ সেউজী ধৰণী ধুনীয়া ৷ সোণোৱালী শইচৰ পথাৰ কোলাত শোভে ৰ’দালীৰে ফুল ফল সেন্দুৰীয়া । আমাৰ চকুলোৰে পানী দি জীয়ালোঁ মাণিকী-মধুৰী ধান, তোমালৈ আনিছোঁ জগতৰে শইচ এৰা অ’ নিমাতী মান ৷
সাজু হ’, সাজু হ’, নৱজোৱান (Saju Ho Nobojowan) Lyrics
সাজু হ’, সাজু হ’, নৱজোৱান । সাজু হ’, সাজু হ’, নৱজোৱান। তই কৰিব লাগিব অগ্নিস্নান । জীৱন যৌৱন কৰি প্ৰাণপণ ৰাঙলী কৰি দে ৰণাংগন জয় শংখ বজা পৃথিৱী কঁপাই অত্যাচাৰকো কৰি বৰণ স্বাধীনতা ধন নতু মৰণ লোহাৰে শিলেৰে বান্ধি ল’ মন ৷ বজ্রকণ্ঠে বিশ্বক শুনা সত্যৰ জয়গান বুকুৰ তেজেৰে ধুই দে আজি ভাৰতৰ অপমান সাজু […]
সপোন পাৰৰ মই সপোন কুঁৱৰী (Xapon Paror Moi Xapon) Lyrics
সপোন পাৰৰ মই সপোন কুঁৱৰী অমিয়া মাধুৰী মই আনো বিচাৰি ।। মই যে মায়াবিনী মই যে কুহকিনী হাঁহি কান্দোনৰ কথা দিওঁ সুঁৱৰি ।। সুখ দুখ কত চাওঁ হাঁহো মৃদু মৃদু কৰি।।
শত যুগৰ কত চাকি (Xoto Jugor Koto Saki) Lyrics
শত যুগৰ কত চাকি জ্বলাই আহিলি, আপোনাৰ আনন্দতে নিজে হাঁহিলি, নিজৰে তই চকুপানী নিজে মচিলি। শিল্পী মোৰ মনৰে তই শিল্পী মোৰ প্ৰাণৰে তই শিল্পী মোৰ গানৰে সুৰৰে ছবিৰে ৰূপৰে তই জুই জ্বলালি নিত্য নতুন ছবিৰে চিনাকি তোৰ যুগ যুগৰে ৰবিৰে। আজি দিনা নেমানি মনা সখী পতালি বিপ্লৱী মোৰ কবিৰে । আজি জাগিল জন শতাব্দী আহ […]
লুইতৰ পাৰৰে আমি ডেকা ল’ৰা (Luitor Parore Ami Deka Lora) Lyrics
লুইতৰ পাৰৰে আমি ডেকা ল’ৰা মৰিবলৈ ভয় নাই আই আই আই । মুকুতি মেধৰ মহান মেজিৰ নেজাল ফিৰিঙতি চাই পুৰোহিতো যদি থিতাতে আঁতৰি ত্ৰাসতে মূর্ছা যায় । আমি আগে বাঢ়ি ডিঙি পাতি পাতি তেজেৰে বলিশাল যামে বোলাই তাহানি লাচিতে এৰি থৈ যোৱাৰে পৰা জননী তোৰ লঘু লাঞ্ছনাৰে দুখ বেজাৰৰে আজিও নপৰিল ওৰ। কোন কাপুৰুষ পুৰুষে […]
লুইতৰ আকাশত তৰাৰ তৰাৱলী (Luitor Akashot Torar Torawoli) Lyrics
লুইতৰ আকাশত তৰাৰ তৰাৱলী পাৰত দীপাৱলী তেজেৰে মোৰ আই নাকান্দিবি থাপনাত তেজেৰে বন্তি দিলেহি সন্তানে আজি তোৰ লাচিতৰ দিনৰে জ্বলা জুয়েকুৰা আই অ’ নুমুৱা নাই, নতুন তেজেৰে শলিতা জ্বলিছে উজলিছে ভমকাই। চকুলো বোৱাই জুই নুনুমাবি গুচকে তমসা ঘোৰ লুইতৰ আকাশত তৰাৰ তৰাৱলী পাৰত দীপাৱলী তেজেৰে মোৰ ৷
ৰূপহ কোঁৱৰৰ চুমা পৰশতে (Rupoh Konwar) Lyrics
ৰূপহ কোঁৱৰৰ চুমা পৰশতে লাজুকী কুঁৱৰী মৰহি যায় । । সোণতে সুৱগা আহি সানি দিলে গোলাপী গালতে ৰাঙে চৰাই ।। সপোনৰে সখা আহি দিলে দেখা দিয়া সখী দিয়া হিয়া বিলাই।।
যাউতিযুগীয়া ধনে মোৰ অ’ (Jautijugiya Dhone Mor O) Lyrics
যাউতিযুগীয়া ধনে মোৰ অ’ প্ৰাণতে দিলা মোৰ মৰম কুমলীয়া মনত সোঁৱৰণি সুৱদীয়া বুকুত ভালেপোৱা অ’ মোৰ প্ৰাণ যাউতিযুগীয়া ধনে মোৰ অ’ যাউতিযুগীয়া ধন ৷ স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়া কল্পনা পূৰাই দিলা মোক অ’ যাউতিযুগীয়া ধন । বুজা নুবুজাৰে, হাঁহি কান্দোনৰে জীৱনৰ পাতিলা মেলা মোৰ অ’ যাউতিযুগীয়া ধন ।
মোৰে ভাৰতৰে, মোৰে সপোনৰে ( More Bharotore) Lyrics
মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি । সেউজীয়া বনতে সেউজীয়া মনতে বিকশি প্রকাশি উঠা নৱ-জনজীৱনৰে অভিনৱ জ্যোতি ।। আজি শিল্পী মনৰ প্ৰণতি আজি শিল্পী প্ৰাণৰ ভকতি জয় অজেয় আলোকময় বিশ্বৰূপী অনন্ত বিজয়ী জন গণ মন মুকুতি প্ৰণতি প্ৰণতি ৷৷